এচাঁতি মমতাময়ী ইস্পিত
আলোকৰ পৰশত
শিঁহৰিত হ'লো..
তোমাৰ চেনেহী কোলাত "মা"
মই প্ৰথম দুচকু মেলিলোঁ...
মধুভাষিনী অমিয়া মাতেৰে দিয়া
জীৱনৰ আদিপাঠ
আজিও সাদৰেৰে কৰোঁ সাৰোগত..
উজলি কৰে দগমগ দগমগ
মোৰ হ্ৃদয় আৰু মনৰ বলুকাত...
ৰুণ-জুন ৰুণ-জুন
কঁপি কঁপি দিয়া খোজ..
পোণাই তুমি দিছিলা,
বাজি উঠে জুনুকা
জুনুক্-জুনুক্ ...
জীৱনৰ জটিল জঞ্জালত
বাখৰুৱা জিঞা খেদি-খেদি..
তুমি দিয়া সাহসেযে মোৰ সাৰ
অ' মোৰ "মা"
স্ৃষ্টি কামিনী...
ৰিণিকি-ৰিণিকি ভাঁহি আহে
ৰিঙা-ৰিঙা সুৰ..
আস! ল'ৰালিৰ ডুখৰীয়া স্ম্ৃতি
কেনে যে মধুৰ...।।
No comments:
Post a Comment