আঘোণৰ ন ধানেৰে ত্ৃপ্তিৰে ভাত মুঠি খাই
ৰংমনে আঁৰ চকুৰে
জেউতীলৈ চালে...
জেউতী অ' ,এইবাৰ মাঘত
ন কইনা হৈ লখিমী আই
আমাৰ জুপুৰিলৈ যেন আহে...
বহাগৰ বিহুটিত ঢোলৰ ছেৱে-ছেৱে
তোক এইবাৰ নচুৱামেই...।
শাওণৰ বোকা মাটিত
ৰুৱণী সাজটিৰে
জেউতীজনীক তেনেই
ৰূপহীজনীয়েই লাগে।
মূৰত তকৌ পাতৰ জাপি,
ওঠ ৰঙা কৰাকৈ তামোলৰ বোল,
ঘৰৰ লখিমীজনীৰ
এই ৰূপ যেন যাউতীযুগীয়া।
জেউতীলৈ চাই চাই তভকা লগা
ৰংমনে সম্বিত ঘূৰাই পালে!
ৰুৱণীজাকৰ যিহে গিৰ্জনি মৰা হাঁহি...
কত যে যোৰা নাম গালে।
জেউতীয়ে মনে মনে
নেদেখাজনক সেঁৱা এটি জনালে...
"হে প্ৰভূ,এইবাৰ বানে যেন
আমাৰ হেঁপাহৰ পথাৰখনক
ধাঁহি-মুহি নিব নোৱাৰে...।"