এক সময় আছিল
যেতিয়া দুভৰিত মোৰ শুকুলা পাখি আছিল
মনত আছিল অযুত সপোনৰ
পাৰাপাৰ নেদেখা উছাহ...
নেদেখাতো চোঁৱাৰ,
হাতেৰে স্পৰ্শ কৰি
আওভাও বুজ লোৱাৰ
কিযে এক অদম্য হেঁপাহ!
এতিয়া মোৰ জীৱনৰ
মুনিচুনি বেলা,
বহু দেখিলোঁ
বহু শিকিলোঁ...
আগচোতালৰ দুৱৰি বনত
সৰু সৰু নিয়ঁৰৰ কণাবোৰ
পুৱাৰ ৰ'দ পৰি
জিলিকি উঠিছে...
এয়া যেন সাগৰ তলিৰ
কোনো অমূল্য মুকুতা!
No comments:
Post a Comment