...সেন্দুৰীয়া জীৱন...
ৰিমঝিম বৰষুণত তিতি ভিজি থকা
এটি গীতৰ সুৰীয়া সোপান..
ই যেন বাস্তৱৰ দিঠক নদীৰ তীৰত
আলফুলে সজাই ৰখা
এক ৰূপালী দাপোণ...
জীৱনৰ মধুৰ মাধুৰী সনা
কণ কণ পল আৰু অনুপল..
যেন দূৰৈৰ পৰা ৰিণিৰিণি
ভাঁহি আহে
ঝুমু্ৰৰ তালে তালে বাজি থকা
কবিতাৰ ছন্দময় মাদল...
দুটি কলি দুটি পাত
সেউজী সেউজীয়া চাহ গছৰ বাগিচাত..
মাজে মাজে মূৰ দাঙি থিয় দি থকা
শিৰিষৰ বিৰিখৰ নিৰ্মল ছাঁয়াত...
আকাশত ষ্মিত হৈ জিলিকি ৰ'ব
নিশীথ -নিশিথা যেন জোনালী কুসুম,
ৰিব্ ৰিব্ ম্ৃদু মলয়াত
উপচি পৰিব,
স্নিগ্ধ আবেশ সনা
শুভ্ৰ শেৱালি ফুলৰ সূৱাসী সূধা...ll