দুচকুতে সানি দিলা
জিল্ মিল্ সপোনৰে আভা
নিজান নিজান মন
হ'ল যে সজীৱ
আৱিৰৰ ৰঙা ৰং
মোৰ দুগালতে বিৰিঙি পৰিল...
দুৱৰি কোমল মন
কঁহুৱা হৈ নাছে
আকাশৰ ডাৱৰবোৰ
যেন কমোৱা তুলা
বিৰিণা বন যেন
পূৱালী বতাহে কপোঁৱা...
ৰিক্ত অন্তৰত বাকী দিলা..
আৰক্ত মৰমী সূধা...
সেয়েহে মোৰ মন মগজুত আজি..
সাতোৰঙী ৰামধেনুৰ
উত্তাল হেন্দোলনী...
ভাৱৰ সাগৰত উজান উঠিছে
অযূত জোঁৱাৰৰ প্ৰাণচঞ্চল বুৰবুৰণি
অ'মোৰ সখাসুন্দৰ ..মোৰ প্ৰাণৰো প্ৰিয়
দয়াকৰা...পাৰ কৰি নিয়া
মোৰ জীৱনৰ টুলুঙা নাঁওৰ বৈতৰণী...
তোমাৰ এটি সঁহাৰিৰ বাবে অপেক্ষাৰতা
ৰূপহকোঁৱৰৰ মই ৰূপকোঁৱৰী...ll
জিল্ মিল্ সপোনৰে আভা
নিজান নিজান মন
হ'ল যে সজীৱ
আৱিৰৰ ৰঙা ৰং
মোৰ দুগালতে বিৰিঙি পৰিল...
দুৱৰি কোমল মন
কঁহুৱা হৈ নাছে
আকাশৰ ডাৱৰবোৰ
যেন কমোৱা তুলা
বিৰিণা বন যেন
পূৱালী বতাহে কপোঁৱা...
ৰিক্ত অন্তৰত বাকী দিলা..
আৰক্ত মৰমী সূধা...
সেয়েহে মোৰ মন মগজুত আজি..
সাতোৰঙী ৰামধেনুৰ
উত্তাল হেন্দোলনী...
ভাৱৰ সাগৰত উজান উঠিছে
অযূত জোঁৱাৰৰ প্ৰাণচঞ্চল বুৰবুৰণি
অ'মোৰ সখাসুন্দৰ ..মোৰ প্ৰাণৰো প্ৰিয়
দয়াকৰা...পাৰ কৰি নিয়া
মোৰ জীৱনৰ টুলুঙা নাঁওৰ বৈতৰণী...
তোমাৰ এটি সঁহাৰিৰ বাবে অপেক্ষাৰতা
ৰূপহকোঁৱৰৰ মই ৰূপকোঁৱৰী...ll
No comments:
Post a Comment