জীৱন সম্বন্ধে মোৰ অভিজ্ঞতা আৰু জ্ঞান অতি সামান্য।এই সীমিত জ্ঞানকণেই ছন্দবদ্ধ ৰূপত আপোনাসৱৰ আগত দাঙি ধৰিছো..."এটি বিনম্ৰ প্ৰয়াস..."
... ভূৰুকাতে জীৱন...
এই জীৱনটোনো কি...?
সৰু সৰু সুখ আৰু
হেঁপাহেৰে গঁঠা আশাৰ গুটিফুলৰ
এখন ফুলাম হাঁচতি...।।
সময়ৰ চিৰপ্ৰবাহমান
উজনি সোঁতত উটি ভাঁহি থকা,
বাৰেৰহণীয়া অনুভুতিশীল জুৰণীয়া,
এজাক শৰালি হাঁহৰ সুললিত কাকলি...।।
বাৰিষাত বান,খৰালিত তৰাং,
শৰতত সাম্য আৰু গ্ৰীষ্মত প্ৰকাশ্য,
কোনোবা ডাকপুৰুষে অতীজতে
কৈ যোৱা কথাৰ যেন এক নিৰ্লোপ ভাষ্কৰ্ য ্য...।।
প্ৰতিটো ক্ষণ প্ৰতিটো ঋতুত
এক স্বকীয় অন্তনিৰ্হিত বৈশিষ্ট্য,
সময়ৰ নদীত ভটিয়াই যোৱা
অজ্ঞ জনেই হয় নিশ্চিতভাৱে লক্ষ্যচ্যুত...।।
দূৰ সুদূৰত থকা পৰ্বতৰ ধুনীয়া ওখ টিলা
ওচৰ পালেই দেখা পাবা উৰুখা পঁজা,
আগচোতালত পদূলিমুখৰ শ্যামল দুৱৰিডৰা
উজুতিত যঁতৰ ভাঙিলেও গচকত যেন কদাপি নামাৰা...।।
No comments:
Post a Comment