..the swan leads her rest of the life..

MY BEAUTIFUL MIND SPEAKS



Let us walk towards BEAUTY ..

Saturday, March 3, 2018

~ ফাগুনৰ এক অনুভৱ ~






ধূলিয়ৰী বতাহত
অলস ৰাঙলী পলাশী সুৱাস,
ৰামধেনু বৰণীয়া আবিৰৰ পৰশত
মন-প্ৰাণ নাছি উঠে
যদিওবা ডাৱৰীয়া আকাশ ।

ৰাধা আৰু কাণুৰ
গকুল গকুল স্ম্ৃতি,
আজিও বৈ আছে
চৌদিশ জুৰি ।

কণ-কণ শিশুৰ আবেগৰ উথল,
আবিৰৰ ৰঙৰ লগত
মিলি যোৱাৰ যেন এক কৌশল ।
হিয়া জুৰাই নিয়া
এয়া এক স্বৰ্গীয় ছবি ।

শুনিছোঁ সীমান্তত তেজৰ চলিছে হোলী,
কাৰখানাত কাম কৰা যদু আৰু মধুৰ
আজি পিছে ছুটী।
জেউতীৰ মনতো এতিয়া ফূৰ্তি
ৰংমন যে এতিয়া কাষতে আছে,
খেতি-খোলাতো বাৰুকৈয়ে লাগিছে।

নোটবন্দী , জি এছ টি
আৰু নানান বাৰু বাৰু চুক্তি,
দেশৰ চুকে-কোণে সঁচাকৈয়ে যেন
আহিব ভালদিন এদিন।

ক্ৃষক আৰু বনুৱাৰ ভোগালী দিনেই
অসমী আইজনীক সোনেৰে
সজাই পৰাই তোলাৰ ছাবি-কাঠি,
শিশু আৰু মহিলাৰ জয় জয় ধ্বনি
আৰু বু্ঢ়ামেথাৰ চকুৰ হাঁহিতেই থাকে
জনমভূমি মাটিডৰা
 সুজলা সুফলা হৈ উঠাৰ মাপকাঠি।


              ************




Monday, January 15, 2018

My Motherland...an angelic impression



The delicate flowers,
the beautiful gushing rivers,
smiling innocent babies
are such lovely possessions...!

The eastern breeze,
tearing off the morning sky
sets the yellow saplings of mustard seeds
into some gentle rhythmic beats.

Ripples of water moving away
strikes the lotus stalk to sway.
Little fishes dance to rejoice.
Beetles hopping over the twigs.

These are some divine visions,that
evoke all my poetic emotions.

I love you oh my motherland
with the deepest of
my sincere feelings...!


Monday, January 8, 2018

Crescent Moon to Full Moon




A night sky full of stars,
I can keep on gazing overnight
the crescent moon up above
gaining space with much hope.

So do the human life,
even in the darkest days
mind should be kept ablazed
with the thoughts of happy days.

Winter comes,its a fact.
Everything around us becomes tough,
But,all of us know that
Spring Blossoms are awaiting to bloom!

Never to say,"I quit."
Never ever to feel defeated.
For every Moon, there's a Sun.
Its just a matter of
searching with a loving heart.

🍀🎭

Tuesday, December 26, 2017

~জেউতীৰ মন~


আঘোণৰ ন ধানেৰে ত্ৃপ্তিৰে ভাত মুঠি খাই
ৰংমনে আঁৰ চকুৰে
জেউতীলৈ চালে...
জেউতী অ' ,এইবাৰ মাঘত
ন কইনা হৈ লখিমী আই
আমাৰ জুপুৰিলৈ যেন আহে...
বহাগৰ বিহুটিত ঢোলৰ ছেৱে-ছেৱে
তোক এইবাৰ নচুৱামেই...।

শাওণৰ বোকা মাটিত
ৰুৱণী সাজটিৰে
জেউতীজনীক তেনেই
ৰূপহীজনীয়েই লাগে।
মূৰত তকৌ পাতৰ জাপি,
ওঠ ৰঙা কৰাকৈ তামোলৰ বোল,
ঘৰৰ লখিমীজনীৰ
এই ৰূপ যেন যাউতীযুগীয়া।

জেউতীলৈ চাই চাই তভকা লগা
ৰংমনে সম্বিত ঘূৰাই পালে!
ৰুৱণীজাকৰ যিহে গিৰ্জনি মৰা হাঁহি...
কত যে যোৰা নাম গালে।
জেউতীয়ে মনে মনে
নেদেখাজনক সেঁৱা এটি জনালে...
"হে প্ৰভূ,এইবাৰ বানে যেন
আমাৰ হেঁপাহৰ পথাৰখনক
ধাঁহি-মুহি নিব নোৱাৰে...।"

Tuesday, December 19, 2017

~শীত আৰু এপিয়লা চাহ~



শীতৰ এটা শীতল পুৱা
পিৰালিত বহি আছোঁ
হাতত এপিয়লা চাহ
আৰু এটা পানী পিঠা...

আকাশত সুৰুযে চতিয়াই দিছে
এমুঠি উমাল ৰ'দ,
আমাৰ ঘৰৰ মুধচত
পাৰকেইটাই ৰুণ দিছে।
বগা,কজলা আৰু মুগা ৰঙৰ
সিঁহতৰ ডেউকাবোৰ কেনে শুৱনি!

চোতালৰ ফুলনিখনত
নানান ৰঙৰ ফুল ফুলিছে।
অপৰাজিতা,তগৰ আৰু জবা ফুল
কিছু শেৱালীও তল সৰি আছে।
এটা কিঞ্চিত উমাল অথচ মিঠা সুবাস
মাজে মাজে ভাঁহি আহিছে।

সুখী হোৱাৰ এটা অদম্য হেঁপাহে
ইয়াতে পূৰ্ণতা পাইছে...।
🌾🌿


Saturday, December 2, 2017

~একাঁজলি নিয়ঁৰৰ হাঁহি~




এক সময় আছিল
যেতিয়া দুভৰিত মোৰ শুকুলা পাখি আছিল
মনত আছিল অযুত সপোনৰ
পাৰাপাৰ নেদেখা উছাহ...

নেদেখাতো চোঁৱাৰ,
হাতেৰে স্পৰ্শ কৰি
আওভাও বুজ লোৱাৰ
কিযে এক অদম্য হেঁপাহ!

এতিয়া মোৰ জীৱনৰ
মুনিচুনি বেলা,
বহু দেখিলোঁ
বহু শিকিলোঁ...

আগচোতালৰ দুৱৰি বনত
সৰু সৰু নিয়ঁৰৰ কণাবোৰ
পুৱাৰ ৰ'দ পৰি
জিলিকি উঠিছে...

এয়া যেন সাগৰ তলিৰ
কোনো অমূল্য মুকুতা!

Saturday, November 25, 2017

Hope...



I sensed the Sun Shine
as I was a little child,
Then came some sorrow
that made me remind,
Happiness in life
may be fragile.

I cried and wept,
Tears came running down
to my neck,
Everything around my eyes
were seemed to be dark.

There were some people,
who told me not
to be feeble,and
to keep my head upright.

They believed in me
n I believed in them,
I fought my battle,
some things were
too tough to handle.

Finally preserverence had won,
In my heart there'd
shone a moon.
Shines from my heart'd
come upon my face,
Never to give up Hope
even the whole world
makes you feel sad!