..the swan leads her rest of the life..

MY BEAUTIFUL MIND SPEAKS



Let us walk towards BEAUTY ..

Monday, July 16, 2018

~ক্ৃষ্ণচূ্ড়াৰ হাঁহি~


মছফল চহৰখনত কথাটো বনজুইৰ দৰে বিয়পি পৰিল।এজনে ক'লে," ফটোশ্বপ নেকি?"...আন এগৰাকীৰ মতে,"মুখৰ মাতেই নাইচোন তাইৰ..."

এনেতে সৰু সৰু ল'ৰা-ছোৱালী এজাক তাইৰ ওচৰলৈ দৌৰি আহিল আৰু 'জেউতী বাইদেউ' বুলি তাইক আঁকোৱালি ল'লে।সিঁহতৰ চকুবোৰত জেউতীয়ে এথোপা তৰা দেখা পালে।

সিঁহতৰ লগত কিছু কথা পাতি তাই ঘৰলৈ বুলি খোজ ল'লে।লাহে লাহে এখোজ দুখোজকৈ তাই আগবাঢ়িল।ৰাস্তাৰ দু্য়োকাষে শাৰী শাৰী ক্ৃষ্ণচূ্ড়াৰ ফুল জকমকাই ফুলি আছে।তাইৰ প্ৰতিটো খোজৰ লয়ত লয় মিলাই তাইৰ মনলৈ ৰংমনৰ একোখন ছবি ভাঁহি আহিল।পঢ়াশালিত শিকা এষাৰ কথা জেউতীৰ মনত গুঞ্জৰিত হ'ল....
"আপোন ভালেই জগৎ ভাল...."

এনেতে নতিদূৰৈত এজাক শিশুৰ হাঁহিৰ কাকলি শুনি জেউতীৰ মনত এক শুভ্ৰ পোহৰৰ বন্তি প্ৰজ্বলিত হ'ল।তাই দুচকু জপাই নেদেখাজনক স্মৰণ কৰিলে....
"এজাক কণ-কণ শিশু যেন হাতত একোগছ  বন্তি লৈ আগুৱাই গৈ আছে...পোহৰৰ দেশলৈ..."

                            ****


Wednesday, April 25, 2018

~অনুভৱ~



বাহিৰত দোবালপিতা বৰষুণ।কণমানি জিকমিকে খিৰিকিৰে বাহিৰৰ বৰষুণজাক চাই আছিল।খিৰিকিৰ কাষৰ পিৰালিখনতে এজনী চৰাই জলকা লাগি পৰি আছিল।চৰাইজনী তেনেই জুৰুলী-জুপুৰীকৈ তিতিলে।বৰষুণজাক ইমানো মুষলধাৰ নাছিল।জিকমিকে মনতে ভাবিলে," ঘনচিৰিকাজনীক চাউল দুটামানকে চতিয়াই দিওঁ নেকি?তাই ভাল পাব।" তাকোতো মাকে সি স্কুলৰ পৰা আহি পোৱাৰ অলপ পৰ পিছতে গৰম গৰম ঘিউ ভাত দিয়ে।প্ৰায়েই মাকে জিকমিকক ভাত খুৱাইয়ো দিয়ে।তেতিয়া সি মাকৰ গালত টপক টপককৈ দুটা চুমা দিহে মনত শান্তি পায়!
খন্তেক সময় গুণাগুঠা কৰি সি একেলৰে পাকঘৰ পালেগৈ।

"ল ..ল..খা দেই....খুদচাউল...."

পাখিকেইখন জোকাৰি ডেউকাত জমা হোৱা পানীবোৰ আচাৰিলৈ চৰাইজনী খোৱাত লাগিল।মাজে মাজে চিৰিক-চিৰিক মাত। মাজে মাজে তাই জিকমিকৰ পিনে চায় আৰু "চিৰিক চিৰিক"কৈ মাত দিয়ে।

জিকমিকৰ মনটো উলাহত উথলি উঠিল।"বিপদৰ বন্ধুৱেই প্ৰক্ৃত বন্ধু"....৫ বছৰীয়া শিশুটিয়েও যেন বুজি পালে।অসমীয়া কুঁহিপাঠখনত থকা মাটিৰ চাকিটিলৈ তাৰ মনত পৰিল।ককায়ে তাক বুজাই দিছিল," চ ....মানে চাকি।চাকিৰ পোহৰত আন্ধাৰ আঁতৰি যায়।"

🌾🌿🌻🎍

Monday, March 19, 2018

~আশা~



বৰদৈচিলাৰ গতিৰে লাচনি-পাঁচনিকৈ
উচ্ছল জলধাৰা নিগৰি আহিছিল,
হয়....,সেউতীয়ে উচুপি কান্দিছিল....

কিয়নো সমাজৰ এয়া নিদাৰুণ জাতি-ভেদ
কণমানি "বুধুৱা" যে সেইবাবেই নিষ্পেষিত।

জেউতীয়ে ৰংমনক সুধিছিল,
"দেৱীকাৰ ঘৰত যিদিনা দিপান্বিতা
সেউতীৰ পঁজাত সিদিনাইচোন নাথাকে এগছি শলিতা,
বাসবী বু্ঢ়ীয়ে খুজি মাগি পেটটোহে পূৰাব পাৰে
অথচ লতিকাৰ দুয়োখনি হাত সোনেৰে জিলিকি আছে"
কিয় ভগবানৰ এনে অবিচাৰ,কিয় এনে অন্যায়....?
ৰংমন নিৰোত্তৰ। এয়া যে বিধিৰ আচহুৱা বিচাৰ!

এই প্ৃথিৱীত টকাহে ৰজা,
আমি আটায়ে ধনৰ প্ৰজা...."

কোনোবা সমাজবাদী,কোনোবা পুঁজিবাদী,
কিন্তু অনাক্ষৰী দুখীয়াজন সদায়ে ন্যায়প্ৰাৰ্থী।

বুধুৱাই নুবুজে "বাদী"ৰ অৰ্থ।
"বাদী" যে এটা নিষ্ঠুৰ শব্দ,
যিটো ধ্বনিয়ে তাৰ দুচকুত
এটা আশাৰ মৰিচীকাৰ সপোন সানি দিয়ে।
উদৰ পূৰাই এঁসাজ পঞ্চভোগ জুতি লোৱাৰ
অলীক সপোনটো যে তাৰ বাবে এক জটিল প্ৰশ্ন!

      এখন সেউজবুলীয়া সোনোৱালী প্ৃথিৱীৰ অপেক্ষাত...

 🌏🌎🌍🎍

Thursday, March 15, 2018

~উৰাৰ হেঁপাহ~



ঢল পুৱাতে শোৱা পাটী এৰি যশোদায়ে খিৰিকিৰে বাহিৰলৈ চালে।বেলিটো ক্ৰমাৎ উঠিছে।আজি বহুত কাম আছে। খপককৈ তাইৰ কথাটো মনত পৰিল।ঘৰটো ঝাড়ু দি থাকোঁতে তাইৰ কথাবোৰ মনত পৰি আছিল। কেনেকৈ তাই কান্দি কান্দি তাঁহাতৰ বাগানৰ সৰু কোৱাৰ্টাৰটো এৰি থৈ বাইদেউৰ লগত গুৱাহাটীলৈ আহিছিল।ভায়েক বুধুৱায়ে যে কিমান কান্দিছিল। তাইয়ো উচুপি উথিছিল।

বহুত দিনলৈ তাই সেই সেউজীয়া বাগানখন পাহৰিবই পৰা নাছিল।গুৱাহাটীত যে সকলো কাম হিচাপতহে হয়। বাগিছাত প্ৰবেশ কৰিবলৈ মাচুল।চিনেমা চাবলৈ মাচুল। আৰু কত যে কি কি মাচুল। ইয়াতচোন চলায়ে টান।

চাওঁতে চাওঁতে আজি দেৰ বছৰেই হ'ল। চহৰত তাইৰ মনটো বহিছে। উপায়োতো নায়।কোনোবা এপাকত তাই উজুটি খাই কাষৰ সৰু টেবুলখনত খুন্দা মাৰিলে। টেবুলখনত থকা কিতাপবোৰ পৰি গ'ল। পৰি যোৱা কিতাপ এখনৰ বেটুপাতৰ ছবিটোত তাইৰ দ্ৃষ্টি নিবদ্ধ হ'ল।সৰু ল'ৰা এটাই চিলা উৰুৱাই থকাৰ ছবি।অসমীয়া আখৰকেইটা তাই বাগানৰ স্কুলত শিকিছিল। চিনি পালে।ইংৰাজী আখৰকেইটাতহে তাইৰ খেলি-মেলি লাগিল।

তৰিৎ গতিত এসোঁতা উত্তেজনা তাইৰ কাণৰ পৰা আৰম্ভ হৈ মূৰলৈ বিয়পি পৰিল।কাণ-মূৰ গৰম গৰম লাগিল। "তাই পঢ়িব! ইংৰাজী শিকি কাছাৰীত চাকৰি কৰিব।বহুত পইছা গোটাব আৰু ঘৰলৈ ঘূৰি যাওঁতে বুধুৱালৈ বহুতো ভাল ভাল চোলা আৰু খোৱা বস্তু লৈ যাব!"

✍🌄

Friday, March 9, 2018

~এটি আবিৰসনা বিহু গীতৰ কলি~




ফাগুণৰ এটি গধূলি
মন ফৰকাল
সুচল বতৰ
মনত এবুকু আশাৰ থূপি তৰা।

আবিৰৰ ম্ৃদু এটি সুগন্ধই
মোহাছন্ন কৰি ৰাখিছে মোৰ মনাকাশ
বাহিৰত ফৰিং ফুটা জোনাক
শুনা নুশুনাকৈ জিলিবোৰে
ছন্দবদ্ধ গীত জুৰিছে।

বুজিব পাৰিছোঁ
কালিলৈও বতৰ ফৰকালেই হ'ব।

দূৰৈৰ পৰা ৰিণি-ৰিণি
বিহুগীতৰ এটি কলি
মলয়াৰ বুকুচাত উটি ভাঁহি আহি
মোৰ অন্তৰত গোজ মাৰি বহি পৰিল।

💫✍

Saturday, March 3, 2018

~ ফাগুনৰ এক অনুভৱ ~






ধূলিয়ৰী বতাহত
অলস ৰাঙলী পলাশী সুৱাস,
ৰামধেনু বৰণীয়া আবিৰৰ পৰশত
মন-প্ৰাণ নাছি উঠে
যদিওবা ডাৱৰীয়া আকাশ ।

ৰাধা আৰু কাণুৰ
গকুল গকুল স্ম্ৃতি,
আজিও বৈ আছে
চৌদিশ জুৰি ।

কণ-কণ শিশুৰ আবেগৰ উথল,
আবিৰৰ ৰঙৰ লগত
মিলি যোৱাৰ যেন এক কৌশল ।
হিয়া জুৰাই নিয়া
এয়া এক স্বৰ্গীয় ছবি ।

শুনিছোঁ সীমান্তত তেজৰ চলিছে হোলী,
কাৰখানাত কাম কৰা যদু আৰু মধুৰ
আজি পিছে ছুটী।
জেউতীৰ মনতো এতিয়া ফূৰ্তি
ৰংমন যে এতিয়া কাষতে আছে,
খেতি-খোলাতো বাৰুকৈয়ে লাগিছে।

নোটবন্দী , জি এছ টি
আৰু নানান বাৰু বাৰু চুক্তি,
দেশৰ চুকে-কোণে সঁচাকৈয়ে যেন
আহিব ভালদিন এদিন।

ক্ৃষক আৰু বনুৱাৰ ভোগালী দিনেই
অসমী আইজনীক সোনেৰে
সজাই পৰাই তোলাৰ ছাবি-কাঠি,
শিশু আৰু মহিলাৰ জয় জয় ধ্বনি
আৰু বু্ঢ়ামেথাৰ চকুৰ হাঁহিতেই থাকে
জনমভূমি মাটিডৰা
 সুজলা সুফলা হৈ উঠাৰ মাপকাঠি।


              ************




Monday, January 15, 2018

My Motherland...an angelic impression



The delicate flowers,
the beautiful gushing rivers,
smiling innocent babies
are such lovely possessions...!

The eastern breeze,
tearing off the morning sky
sets the yellow saplings of mustard seeds
into some gentle rhythmic beats.

Ripples of water moving away
strikes the lotus stalk to sway.
Little fishes dance to rejoice.
Beetles hopping over the twigs.

These are some divine visions,that
evoke all my poetic emotions.

I love you oh my motherland
with the deepest of
my sincere feelings...!